বিদ্যা ভাৰতীৰ বিদ্যালয়বোৰত NCERTৰ দ্বাৰা প্ৰচলিত পাঠ্যক্ৰমৰ পাঠ্যপুথি ব্যৱহাৰ কৰা হয় যদিও, তেওঁলোকে হিন্দুত্ব আদৰ্শ আধাৰিত কিছুমান নিজস্ব পাঠ্যপুথিও সহবিদ্যায়তনিক বিষয় হিচাপে প্ৰচলন কৰে। তেওঁলোকে 'আভ্যন্তৰিণ অনক্য'ৰ বাবে তুৰ্কী, মংগোলীয় আৰু মোগলসকলক দোষাৰোপ কৰে। হিন্দু-মুছলমান সহযোগৰ যিকোনো প্ৰমাণক 'বিশ্বাসঘাত' হিচাপে উপস্থাপন কৰা হয়। খ্ৰীষ্টান পাদুৰীসকলক সাম্ৰাজ্যবাদৰ সমল ৰূপে বৰ্ণনা কৰে। হিন্দু মহিমামণ্ডিত আৰু ঐতিহাসিক হিন্দু নায়ক সকলক আৰএছএছৰ প্ৰতিষ্ঠাতা হেডগোৱাৰ আৰু গোৱালকাৰক একে তালিকাত স্থান দিয়া হৈছে।
ওপৰত বৰ্ণিত পাঠ্যক্ৰমৰ উপৰিও, বিদ্যা ভাৰতীয়ে আৰু পাঁচটা অতিৰিক্ত বিষয়ৰ পাঠদান কৰে:
নৈতিক শিক্ষা, নায়কসকলৰ কাহিনী, গীত, সাধুতা আৰু ব্যক্তিগত স্বচ্ছতা, শাৰীৰিক শিক্ষা, আৰু যোগ, সংগীত, সংস্কৃত আৰু বৈদিক গণিত। ছোৱালীবোৰক কণ্যা ভাৰতীৰ জৰিয়তে জীজাবাই আৰু লক্ষ্মীবাইৰ দৰে এগৰাকী সুগৃহিনী আৰু মাতৃ হ'ব পৰাকৈ বয়ন আৰু ৰন্ধনৰ শিক্ষা দিয়া হয়।
প্ৰাতঃসভাত, শিশুসকলক ধৰ্মীয় ভক্তি আৰু দেশপ্ৰেমমূলক পাৰ্থনা আৰু গীত গাবলৈ শিকোৱা হয়। হিন্দুত্বৰ আদৰ্শ বহন কৰিবলৈ হিন্দু উৎসৱসমূহতো প্ৰাতঃসভা আৰু মঞ্চৰ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয়। সৰ্ব ধৰ্ম সম ভাৱ এই বিদ্যালয় সমূহৰ মূল মন্ত্ৰ। সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে।