Skip to main content

Features

* নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে সদাচাৰৰ নিয়মিত শিক্ষা আৰু বন্দনাৰ যোগেদি আধ্যাত্মিকতাৰ শিক্ষাদান। 
* সংগীত শিক্ষাৰ যোগে মানসিক প্ৰফুল্লতা অনা, দেশপ্ৰেমমূলক গীতৰ মাধ্যমেৰে শিশুৰ মনত স্বদেশ প্ৰেমৰ ভাৱ জগাই তোলা। 
* শিশুৰ শাৰীৰিক বিকাশৰ বাবে শাৰীৰিক শিক্ষাৰ ব্যৱস্থা। 
* নিৰোগী শৰীৰ গঠনৰ বাবে বিভিন্ন যোগাসনৰ শিক্ষা দান ব্যৱস্থা। 
* সংস্কৃত ভাষা শিক্ষাৰ মাধ্যমেৰে হেৰুওৱাৰ উপক্ৰম হোৱা অথচ বৰ্তমানেও প্ৰায়োগিক দিশত থকা জ্ঞান প্ৰদান আৰু সমাজ সংস্কাৰৰ ব্যৱস্থা প্ৰতিষ্ঠাৰ বিচাৰ ধাৰাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা। 
* প্ৰায়োগিক ক্ষেত্ৰত কামত অহা চিত্ৰাংকণ আৰু বিভিন্ন হাতৰ কামৰ শিক্ষা। 
* কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা। 
* শিক্ষনীয় বিষয়- অসমীয়া, সংস্কৃত, হিন্দী, ইংৰাজী, সমাজ বিদ্য়া, গণিত, বিজ্ঞান, সংগীত, শাৰীৰিক, যোগ, হস্তকলা, কম্পিউটাৰ, নীতি শিক্ষা, সাধাৰণ। 
* অতিৰিক্ত শিক্ষা জ্ঞান আহৰণৰ বাবে পুথিভঁৰাল ব্যৱস্থা। 
* ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদ্য়ালয়, সংকুল, বিভাগ, প্ৰান্তীয় আৰু সৰ্ব ভাৰতীয় স্তৰত ক্ৰীড়া প্ৰতিযোগিতাত অংশ গ্ৰহণৰ সুবিধা। 
* প্ৰান্তীয় আৰু ৰাষ্ট্ৰীয় স্তৰত বিজ্ঞান মেলাত অংশ গ্ৰহণৰ সুবিধা। 
* প্ৰান্তীয় আৰু ৰাষ্ট্ৰীয় স্তৰৰ প্ৰশ্ন-মঞ্চত অংশগ্ৰহণৰ সুবিধা। 
* বিজ্ঞানাগাৰৰ সুবিধা। 
* বালিকা শিক্ষাৰ ব্যৱস্থা
* নিকেতনৰ বাৰ্ষিক আলোচনী 'ভাৰতী' আৰু প্ৰাচীৰ পত্ৰিকা 'প্ৰকাশ' ৰ যোগে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশৰ সুবিধা। 
* তিনিমহীয়া বাৰ্তালোচনী "বিদ্যাভাৰতী সংবাদ" ৰ যোগেদি বিদ্যাভাৰতীৰ লগতে শিশু শিক্ষা সমিতি, অসমৰ নিকেতন সমূহৰ কৰ্মৰাজীৰ নিয়মীয়া বাৰ্তা আৰু জ্ঞান লাভৰ ব্যৱস্থা। 

শিশু শিক্ষা সমিতি, অসমে সময়ে সময়ে উপলব্ধ কৰোৱা ব্যৱস্থা সমূহ তৎকালীন ভাবে নিকেতনতো উপলব্ধ কৰোৱা হয়। 

Popular posts from this blog

নিকেতনৰ ১৭তম্ প্ৰতিষ্ঠা দিৱস

ভূৰাগাঁও শংকৰদেৱ শি‌শু নিকেতনৰ ১৭ তম্ প্ৰতিষ্ঠা দিৱসৰ কেইখন মান দৃশ্য।