Skip to main content

History

ভাৰতীয় আদৰ্শৰ অনুকূলে শিক্ষা পদ্ধতিৰ পৰিবৰ্তন অনাৰ মানসেৰে গঠিত অখিল ভাৰতীয় শিক্ষা প্ৰতিষ্ঠান "বিদ্যা ভাৰতী" ৰ তত্ত্বাৱধানত অসমতো কেইগৰাকীমান শিক্ষানুৰাগীৰ জৰিয়তে "শিশু শিক্ষা সমিতি, অসম" নামেৰে এটা শৈক্ষিক সংস্থা গঠন হয়। এই সংস্থাৰ তত্ত্বাৱধানত ১৯৭৯ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনা অসমৰ প্ৰথমখন শিশু কুঞ্জ প্ৰতিষ্ঠিত হয় গুৱাহাটীৰ অম্বিকাগিৰি নগৰত। এই বিদ্যালয়ৰ পিছতে শংকৰদেৱ শিশু নিকেতন, বিষ্ণুপথ প্ৰতিষ্ঠা হয় আৰু ক্ৰমে সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলত এই বিদ্যালয়সমূহ প্ৰতিষ্ঠা হয়।

2004 চনৰ 31 জানুবাৰী তাৰিখে স্থানীয় কেইজনমান সচেতন লোকৰ প্ৰচেষ্টাত এই নিকেতনখন স্থাপন কৰা হয়। স্থাপনকালত অংকুৰ,মুকুল আৰু প্ৰথম এই তিনিটা শ্ৰেণীৰে পাঠদান কাৰ্য আৰম্ভ কৰা হৈছিল। বহুতো অসুবিধাৰ ফলত দুবাৰ নিকেতনখনৰ স্থান সলনি কৰিবলগীয়া হয়। অবশেষত ভূৰাগাঁৱৰ বৰডুবাটুপৰ শিৱ মন্দিৰৰ ওচৰত নিকেতনখন স্থায়ীভাবে সলনি কৰা হয়।

Popular posts from this blog

নিকেতনৰ ১৭তম্ প্ৰতিষ্ঠা দিৱস

ভূৰাগাঁও শংকৰদেৱ শি‌শু নিকেতনৰ ১৭ তম্ প্ৰতিষ্ঠা দিৱসৰ কেইখন মান দৃশ্য।